Show/Hide Keyboard Layout

অ’ ধুন ধুনীয়া মোৰ

- বীৰেন্দ্ৰনাথ দত্ত

অ’ ধুন ধুনীয়া মোৰ অকণমানি

অ’ সোণ কণমানি মোৰ আইটিজনী

অ’ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা

ফুট্​ফুটীয়া ফ্ৰক্

আহা সদায় খোলা থক্ ।

 

এ নাবান্ধিবা ক’লা চুলি

লাগে লাগক জুই

নিশিকাবা বেণী গুঠি

খোপা বন্ধাৰ চখ

ক’লা চুলিত বতাহ খেলি যক

দোকমোকালিত নিয়ৰ সনা

বতাহ খেলি যক ।

 

নালাগে তাই ডাঙৰ হ’ব

বাইদেউ না আইতা হ’ব

বয়সৰেই বালি সনা বালিত পৰি ৰ’ক

লাগে যদি সময়তে

লাগে যদি সময়তে

চোলা পিনত মাৰি থক্

তোমাৰ খোলা ডিঙিৰ বুটাম খোলা

ফুট্​ফুটীয়া ফ্ৰক্

আহা সদায় খোলা থক্ ।।

Hits: 4624